নাজিৰাত বহিৰাগত কোম্পানীয়ে ভূমি বেদখলৰ অভিযোগ
বিনোদ কুমাৰ পোদ্দাৰ বিৰুদ্ধে এই অভিযোগ।
নাজিৰাত বহিৰাগত কোম্পানীয়ে ভূমি বেদখলৰ অভিযোগ


বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ জিলা সমিতিৰ স্মাৰক পত্ৰ জিলা প্ৰশাসনক

শিৱসাগৰ, ১৮ ডিচেম্বৰ (হি.স.): অসম চৰকাৰে চাহ বাগিচাৰ অন্তৰ্গত ৰাইজক ভূমিৰ পট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে এটা বহিৰাগত কোম্পানীৰ ভয় ভাবুকিৰ সন্মুখীন হৈছে এজন ব্যক্তি। নাজিৰাৰ সাতসৈ গ্ৰান্টৰ মেজেঙ্গাত সংঘটিত হৈছে এই ঘটনা। এটা পথ নিৰ্মাণ কৰি কোম্পানীৰ এজন ঠিকাদাৰ বিনোদ কুমাৰ পোদ্দাৰ দ্বাৰা ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে।

মেজেঙ্গাৰ চাহ জনগোষ্ঠীয় জিতেন ৰবিদাসৰ ভূমিত কৰা খেতিৰ ফচল ধ্বংস কৰি অহা যোৱাৰ পথত আগ্ৰাসন চলাইছে বিনোদ কুমাৰ পোদ্দাৰ নামৰ লোকজনে। লগতে বিনোদ পোদ্দাৰে জিতেন ৰবিদাসক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ জিলা সমিতিয়ে গৰিহণা দিয়াৰ লগতে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে। লগতে দুৰ্ভগীয়া জিতেন ৰবিদাসৰ লগত তেখেতৰ নিৰাপত্তা সন্দৰ্ভত চাহ জনগোষ্ঠীৰ দল সংগঠন সমূহক ঠিয় হ'বলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande