যোগীঘোপাত এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ প্ৰাৰ্থনা
যোগীঘোপাত উপস্থিত AIUDF ৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল।
যোগীঘোপাত এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ প্ৰাৰ্থনা


বঙাইগাঁও, ১৮ ডিচেম্বৰ (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাত উপস্থিত হয় এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল।যোৱা কালি বুধবাৰে নিশা প্ৰাক্তন সাংসদগৰাকী উপস্থিত হয় যোগীঘোপাৰ বালাপাৰাত। প্ৰয়াত এআইইউডিএফৰ উপ-সভাপতি মুফটি আব্দুল হ'কৰ কবৰস্থানত উপস্থিত হয়। উপস্থিত হৈ মুফটি আব্দুল হ'কৰ কবৰৰ কাষত জিয়াৰত ( প্ৰাৰ্থনা) কৰে।

জিয়াৰতৰ শেষত আৱেগিক হৈ পৰে এআইইউডিএফৰ মুৰব্বী গৰাকী। প্ৰয়াত মুফটি আব্দুল হ'কৰ সৈতে সু -সম্পৰ্ক আছিল এআইইউডিএফৰ প্ৰধানগৰাকীৰ। দীৰ্ঘ সময় ধৰি মুফটি আব্দুল হকৰ কবৰৰ কাষত থিয় হৈ থকাৰ লগতে কান্দি কান্দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande