
গোৱালপাৰা, ১৮ ডিচেম্বৰ (হি.স.): গোৱালপাৰা জিলাৰ এ আই ইউ ডি এফৰ দলৰ সাংগঠনিক মজবুত শক্তি শালি কৰাৰ লক্ষ্যৰে নটসূৰ্য ফণী শৰ্মাৰ প্ৰেক্ষাগৃহত যোৱা কালি বিয়লি বিশাল কৰ্মী সভা অনুষ্ঠিত কৰা হয় । আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে গোৱালপাৰা জিলা কমিটিৰ এ আই ইউ ডি এফৰ দলৰ সৌজন্যত আয়োজিত কৰ্মী সভাৰ সভাপতিত্ব কৰে জিলা কমিটিৰ সভাপতি আবুল কালাম হুছেইন।
গোৱালপাৰা জিলা। পূৱ আৰু জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফৰ দলৰ সাংগঠনিক শক্তি শালি কৰা উদ্দেশ্য কৰ্মী সভাত উপস্থিত থাকে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। লগতে এ আই ইউ ডি এফৰ দলৰ কেইবাজন বিধায়ক উপস্থিত থাকে।বদৰুদ্দিন আজমলে কৰ্মী সভাত নিজৰ দলৰ আগবঢ়াই নিবলৈ কৰ্মীসকলক ৰাইজৰ সৈতে ঘনিষ্ঠ যোগাযোগ গঢ়ি তুলিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ