
গুৱাহাটী, ১৭ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ পৰা নিৰুদ্দেশ হোৱা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই মহাবিদ্যালয় খনত আলোড়নৰ সৃষ্টি কৰে। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, বাথৰুমৰ পৰা ১৬ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
নিহত ছাত্ৰজন হোজাই জিলাৰ লংকাৰ নিবাসী ৰুবাইল আলম বুলি জানিব পৰা গৈছে। তেওঁ অম্বিকাগিৰি ৰায় চৌধুৰী হোষ্টেলৰ ছাত্ৰ আছিল। তেওঁৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া