চামগুৰিত গুৱাহাটী অভিমুখী বাছৰ এজন যাত্ৰীৰ মৃত্যু
নগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। চামগুৰিত আজি পুৱাই সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখী অনিন্দিতা নামৰ বাছখনৰ এজন যাত্ৰীৰ মৃত্যু হয়। যাত্ৰী জনৰ নাম ভাস্কৰ জ্যোতি দত্ত আৰু তেওঁৰ ঘৰ যোৰহাটৰ আটিলা গাৱঁৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি আমনিৰ এখন ৰোড চাইড ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ ৰখোৱা হৈছিল গুৱাহাটী অভিমুখী বাছ খন। সেই সময়তে অসুস্থ হৈ পৰে যাত্ৰী জন। অসুস্থ হৈ পৰা যাত্ৰী জনক স্থানীয় লোকে চামগুৰি চিকিৎসালয়ত ভৰ্তি কৰাই যদিও, চিকিৎসকে মৃত বুলি ঘোষণা কৰে। হৃদপিণ্ড হঠাৎ বন্ধ হৈ পৰাত মৃত্যু হোৱাৰ সন্দেহ। আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande