

মৰিগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। অহা ২২ , ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা। গোভা দেওৰজাৰ নখোলা ৰাজ ভৱনৰ সিদ্ধান্ত অনুসৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'ব পাহাৰ ভৈয়ামৰ এই সম্প্ৰীতিৰ মেলা।
এই মেলালৈ কাৰ্বি আংলং, মেঘালয় আদিকে ধৰি কুৰি খনৰো অধিক গাঁৱৰ পাহাৰৰ মামা-মামী সকলে অংশগ্ৰহণ কৰিব। মঙলবাৰে জোনবিল মেলা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰে গোভা দেওৰজাৰ ৰাজভৱনত আয়োজন কৰা এখন সংবাদ মেলত জোনবিল মেলাৰ কাৰ্যসূচী সন্দৰ্ভত সদৰি কৰে।
মেলাৰ প্ৰথম দিনা মেলাথলিলৈ আগমন ঘটিব পাহাৰৰ মামা-মামী সকল। লগত লৈ আহিব পাহাৰৰ উৎপাদিত মেটমৰা সম্ভাৰ। দ্বিতীয়দিনা অনুষ্ঠিত হ'ব ঐতিহাসিক বিনিময় প্ৰথা। এই বিৰল বিনিময় প্ৰথাত পাহাৰ আৰু ভৈয়ামৰ কৃষিজীৱি লোকসকলে অংশগ্ৰহণ কৰিব। এই বিনিময় হাটৰ পিছতেই অনুষ্ঠিত হ'ব তিৱা ৰাজদৰবাৰ। ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদি উপস্থিত থাকিব। এই দৰবাৰতে মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৰাজভাট্টা। উল্লেখ যোগ্য যে জোনবিল মেলা আন্ত: গাঠনি উন্নয়নৰ বাবে অনুমোদিত ৫ কোটি টকাৰ কাম-কাজ শীঘ্ৰেই আৰম্ভ কৰিবলৈ আবেদন জনোৱাৰ লগতে বিনিময় প্ৰথা অনুষ্ঠিত হোৱাৰ উপলক্ষে শুক্ৰবাৰে স্থানীয় বন্ধৰ বাবেও মুখ্যমন্ত্ৰীলৈ আবেদন জনায় । এইবেলি জোনবিল মেলাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হ'ব।
আনহাতে অৰম বিলত সমূহীয়া মাছধৰা পৰ্ব, কুকুৰা যুঁজ, প্ৰকৃতি ৰূপত কৰ তোলা পৰ্ব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ব এখন কবি সন্মিলন। সংবাদ মেলত গোভা দেওৰজাৰ লগতে অনান্য বা- বিষয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar