
ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ আগমনীৰ ৰতিয়াদহত যোৱা কালি বিয়লি ছাত্ৰ সংগঠনৰ হাতত আটক হয চোৰাং গৰু কঢ়িওৱা বাহন এখন। ইফালে বাহন আটক কৰি বিপাঙত পৰে সংগঠনৰ নেতা। তিনি ঘন্টাতো উপস্থিত নহ’ল আগমনি থানাৰ আৰক্ষী। ছাত্ৰ সংগঠনৰ নেতাক আৰক্ষীয়েফোনতে কৰিলে জবাবদিহি।
আনহাতে শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰাতহে জব্দ কৰে চোৰাং গৰু কঢ়িওৱা বাহন খন । এইক্ষেত্ৰত চোৰাং গো সৰবৰাহত আগমনি আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। লগতে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনালে দল সংগঠনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ