
দৰং, ১৭ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁৱত পিঞ্জৰাবদ্ধ কৰা হৈছে বনৰজা। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘটোয়ে চলাই আহিছিল সন্ত্ৰাস৷প্ৰায় এটা সপ্তাহে বাঘটোৱে দলগাঁৱৰ কৌপাটী চাহ বাগিছাত আশ্ৰয় লৈ আছিল৷
চাহ বাগিছাৰ দাতিকাষৰীয়া ঘিলাধাৰী অঞ্চলৰ পৰা বাঘটোৱে নিধন কৰিছিল চাৰিটাকৈ ছাগলী। তাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছিল ভয়, শংকা৷ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বনবিভাগে প্ৰথম অৱস্থাত এটা পিঞ্জৰা স্থাপন কৰিছিল যদিও সফল হ’ব পৰা নাছিল৷ কাৰণ বাঘৰ ঠাইত পিঞ্জৰাত সোমাই আছিল কুকুৰ।কালিৰ দিনটোত বনবিভাগে কৌপাটী চাহ বাগিছাৰ মাজত আন এটা পিঞ্জৰা স্থাপন কৰিছিল৷ বনবিভাগৰ অহৰহ চেষ্টাৰ ফলত কালি নিশা পিঞ্জৰাত আবদ্ধ হৈছে বাঘটো৷ ইতিমধ্যে কৌপাটী চাহ বাগিছাত বনবিভাগৰ লগতে চিকিৎসকৰ এটা দল উপস্থিত হৈ বাঘটোৰ নিৰীক্ষণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ