
তামুলপুৰ, ১৭ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আচাৰ্যকুলম পতঞ্জলিত আজিৰে পৰা বিদ্যালয়ৰ ক্ৰীড়া উৎসৱৰ শুভাৰম্ভ কৰা হয়।
পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণই শুভ উদ্বোধন কৰা বিদ্যালয় সপ্তাহৰ আজিৰ এই শুভাৰম্ভণি কাৰ্যসূচীত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, আচাৰ্যকুলমৰ মাতাজী সৰ্ভি সৌৰভ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়খনৰ একাধিক ছাত্ৰ ছাত্ৰীয়ে পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণণ আৰু বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীক মাৰ্চ পাষ্ট অভিবাদন কৰি আদৰণি জনায়।
ইয়াৰ পিছতেই পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক গৰাকীয়ে পতাকা উত্তোলন, অগ্নিশিখা প্ৰজ্বলন আৰু বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে।
ইয়াৰ সমান্তৰালভাৱে আচাৰ্যকুলমৰ ছাত্ৰ ছাত্ৰী সকলে সূৰ্য্য নমস্কাৰকে আদি কৰি কেইবাটাও যোগ আসন প্ৰদৰ্শন, বৃহত্তৰ অসমীয়া জাতিৰ কেইবাটাও জনগোষ্ঠীয় সাজপাৰেৰে ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বাৰেবৰণীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন, খেল ধেমালীৰ সামূহিক প্ৰদৰ্শনী আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা