
তামুলপুৰ, ১৭ ডিচেম্বৰ (হি.স.)। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম-২-ৰ অন্তৰ্গত তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী তিনিখন গাঁও— ৩ নং ডঙাৰগাঁও, ১ নং ডঙাৰগাঁও আৰু বিহাংগপুৰ আজি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে পৰিদৰ্শন কৰে।
পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে মত-বিনিময় কৰি গাঁওসমূহৰ উন্নয়নমূলক কামকাজ, সমস্যা আৰু ভৱিষ্যৎ সম্ভাৱনাসমূহৰ বুজ লয়। এই পৰিদৰ্শন কাৰ্যসূচীত ২৪ নং এছ এছ বি বেটেলিয়নৰ ২য় ইন-চাৰ্জ য়ছবীৰ সিং, তামুলপুৰৰ সহকাৰী আয়ুক্ত অৰুণিমা কাকতিৰ লগতে শিক্ষা, স্বাস্থ্য, সমাজকল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ মূৰব্বীসকল উপস্থিত আছিল। দলটোৱে গাঁওবাসীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সমস্যাসমূহৰ বিষয়ে অৱগত হয়। বৈঠকত গাঁওবাসীয়ে নিজৰ দৈনন্দিন সমস্যা, প্ৰত্যাহ্বান আৰু আশা-আকাংক্ষা স্পষ্টভাৱে উপস্থাপন কৰি উন্নয়নৰ বাবে অগ্ৰাধিকাৰ পাবলগীয়া ক্ষেত্ৰসমূহ চিহ্নিত কৰে। এই পৰিদৰ্শনৰ জৰিয়তে জিলা প্ৰশাসনে অংশগ্ৰহণমূলক শাসন ব্যৱস্থা আৰু জনআধাৰিত পৰিকল্পনাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে, যাতে উন্নয়নমূলক আঁচনিসমূহ বাস্তৱতাত ৰূপায়ণ কৰিব পৰা যায়। জিলা প্ৰশাসনৰ এনে পদক্ষেপক গাঁওবাসীয়ে আদৰণি জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ