

তামুলপুৰ, ১৭ ডিচেম্বৰ (হি.স.)। ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ জিলাত হাতী-মানুহৰ সংঘাত বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত তামুলপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত এখনি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে হাতী-মানুহৰ সংঘাতৰ উপৰি বনভোজৰ সময়ছোৱাত হ'ব পৰা অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ ক্ষেত্ৰত কেবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে। বিশেষকৈ সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে অঞ্চলটোত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণতো গুৰুত্ব দিয়ে। তেওঁ অতিশীঘ্ৰে দুখন সজাগতামূলক সভা অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়।
হাতীৰ খাদ্যৰ বাবে গছ ৰোপণৰো তেওঁ পোষকতা কৰে। ইতিমধ্যে পতঞ্জলিৰ উদ্যোগত এক লাখ নেপিয়াৰ খেতি ৰোপণৰ কথাও উল্লেখ কৰে। তাৰউপৰি আই আই টি, গুৱাহাটীৰ লগত কম খৰচত হাতীৰ শৰীৰত ৰেডিঅ' কলাৰ স্থাপনৰ কথা আলোচনা কৰা বুলি তেওঁ অৱগত কৰে। গজমিত্ৰ নিয়োগেৰে হাতী-মানুহৰ সংঘাত ৰোধৰ ওপৰতো জিলা আয়ুক্তগৰাকীয়ে মনোনিৱেশ কৰে। আনহাতে কুনকী হাতীৰ জৰিয়তে সমস্যাটো কিছু পৰিমাণে হ'লেও সমাধান কৰিব পাৰি নেকি, বিষয়াসকলৰ সৈতে আলোচনা কৰে। হাতীৰ দ্বাৰা কোনো লোকৰ প্ৰাণহানি হ'লে অথবা শস্যভূমি নষ্ট হ'লে প্ৰতিবিঘা ভূমিত উচিত পৰিমাণৰ ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰা হ'ব বুলিও সভাত আলোচনা হয়। তামুলপুৰ জিলাৰ এখন উল্লেখযোগ্য বনভোজস্থলী বগামাটিত পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ বগামাটি অঞ্চলৰ এন জি অ'ৰ বিষয়াববীয়াসকলক আহ্বান জনায়। এইক্ষেত্ৰত প্ৰয়োজনী সহায়-সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসন সাজু বুলিও তেওঁ উল্লেখ কৰে। আনকি আগশাৰীৰ প্ৰকৃতিবিদৰ লগত ইতিমধ্যে আলোচনা কৰে বুলিও তেওঁ সদৰী কৰে। বনভোজৰ সময়ছোৱাত যাতে দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়, তাৰ বাবে এছ এছ বিৰ বিষয়াসকলক নাকা চেকিং কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। বনভোজৰ সময়ছোৱাত শব্দ প্ৰদূষণ আদিৰ যাতে সৃষ্টি নহয়, তালৈ লক্ষ্য ৰাখিবলৈ জিলা আয়ুক্তগৰাকী সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়। আজিৰ সভাখনত জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ