দিলচন, ফাফ, আছগৰ আৰু ৰাহুলৰ ডব্লিউ এল পি টি এলত যোগদান
পানাজী (গোৱা), ১৭ ডিচেম্বৰ (হি.স.)। ৱৰ্ল্ড লিজেণ্ডছ প্ৰ’ টি-২০ লীগে বুধবাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰে যে ইয়াৰ ৰষ্টাৰত চাৰিজন খেলুৱৈ সংযোজন কৰা হৈছে। এই খেলুৱৈসকল হৈছে শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক টিল্লাকাৰত্নে দিলশ্বান, দক্ষিণ আফ্ৰিকাৰ
डब्ल्यूएलपीटीएल


फोटो


পানাজী (গোৱা), ১৭ ডিচেম্বৰ (হি.স.)। ৱৰ্ল্ড লিজেণ্ডছ প্ৰ’ টি-২০ লীগে বুধবাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰে যে ইয়াৰ ৰষ্টাৰত চাৰিজন খেলুৱৈ সংযোজন কৰা হৈছে। এই খেলুৱৈসকল হৈছে শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক টিল্লাকাৰত্নে দিলশ্বান, দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ফাফ ডু প্লেছিছ, আফগানিস্তানৰ প্ৰাক্তন খেলুৱৈ আছগৰ আফগান আৰু ভাৰতীয় প্ৰাক্তন লেগ স্পিনাৰ ৰাহুল শৰ্মা।

এই সংযোজনৰ লগে লগে উদ্বোধনী ছিজনত এছিয়া, আফ্ৰিকা, ইউৰোপ, আৰু ওচেনিয়াৰ ক্ৰিকেটাৰে অংশগ্ৰহণ কৰা মুঠ খেলুৱৈৰ সংখ্যা ১৮ জন হৈছেগৈ । ডব্লিউ এল পি টি এলত মুঠ ৯০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব, যিসকলক ছটা দলত ড্ৰাফট কৰা হ’ব। ২৬ জানুৱাৰীৰ পৰা গোৱাৰ ভাৰ্নাৰ ১৯১৯ চনৰ নতুন ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ইতিমধ্যে কেইবাটাও ডাঙৰ নাম নিশ্চিত হৈছে, য’ত আছে শ্বেন ৱাটছন, ডেল ষ্টেইন, জেক কালিছ, ক্ৰীছ গেইল, আৰু শ্বাউন মাৰ্ছৰ দৰে আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি, লগতে ভাৰতীয় ছুপাৰষ্টাৰ শিখৰ ধাৱান, দিনেশ কাৰ্তিক, আৰু হৰভজন সিং।

আয়োজকসকলৰ মতে, এই চাৰিজন আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ প্ৰৱেশে ডব্লিউ এল পি টি এলৰ প্ৰতিযোগিতামূলক গভীৰতা আৰু অনুৰাগীৰ আবেদন দুয়োটাকে আৰু অধিক বৃদ্ধি কৰে। দিলশ্বান আৰু ডু প্লেছিছৰ আগ্ৰাসী বেটিঙৰ পৰা আৰম্ভ কৰি আছঘৰ আফগানৰ কৌশলগত বুদ্ধিমত্তা আৰু ৰাহুল শৰ্মাৰ স্পিন উইজাৰ্ডৰীলৈকে লীগত ৰোমাঞ্চকৰ আৰু উচ্চ শক্তিৰ ক্ৰিকেট দেখা যাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande