
বৰপেটা, ১৭ ডিচেম্বৰ (হি.স.)। গাহৰি পালনেৰে নিজকে স্বাৱলম্বী কৰাৰ উপৰিও গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ যুঁজখনত নামি পৰিছে এগৰাকী যুৱক।পাঁচ বছৰ আগেয়ে মাথোন দুটা,তাৰ পিছত দহোটা আৰু বৰ্তমান ৬০/৭০ টাতকৈও অধিক গাহৰিৰে স্বাৱলম্বিতাৰ যুঁজখনত নিজকে আগুৱাই লৈ যোৱা আৰু বিগত সাত মাহে ৰাজ্যখনত হোৱা 'আফ্ৰিকান শ্বোৱাইন ফ্লু'ৰ ব্যাপক সংক্ৰমণৰ ফলত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হলেও কোনোকাৰণতেই হতোদ্যম হোৱা নাই যুৱক গৰাকী।অমানিশাৰ পিছত প্ৰভাত আহিবই বুলি প্ৰৱল আশাবাদী।
আত্মবিশ্বাসী যুৱক গৰাকীয়ে পূৰ্ণোদ্যমে এতিয়াও তেওঁৰ 'ব্ৰীডিং ফাৰ্ম' অৰ্থাৎ গাহৰি উৎপাদন কৰা ফাৰ্মখনত পুৱাৰে পৰা সন্ধিয়ালৈকে নিতৌ কৰ্মব্যস্ত হৈ আছে। যুৱক গৰাকীৰ নাম প্ৰবীণ কলিতা।পূৰ্বৰে পৰা ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি ধাউতি থকা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যুৱক গৰাকীৰ পত্নী আৰু দুটি সন্তানেৰে সৰু পৰিয়াল।কোনোধৰণৰ চৰকাৰী ঋণ অবিহনে মাথোন দুটি গাহৰিৰে নিজৰ ঘৰতে আৰম্ভ কৰা ফাৰ্মখনৰ গৰাকী যুৱক গৰাকীৰ সমগ্ৰ ৰাজ্যখনতে সংক্ৰমণ ঘটা সংহাৰী 'আফ্ৰিকান শ্বোৱাইন ফ্লু' ৮০ শতাংশ গাহৰিৰ মৃত্যুৰ কাৰণ হৈ পৰাৰ পিছতো যুৱক গৰাকীৰ ফাৰ্মখনৰ এটি গাহৰিৰো মৃত্যু নোহোৱাটো লক্ষণীয় হিচাপে বিবেচিত হৈছে।যুৱক গৰাকীয়ে প্ৰতি বছৰে গাহৰি ব্যৱসায়ত দুইৰ পৰা আঢ়ৈ লাখ পৰ্যন্ত আয় হোৱাৰ কথা জানিবলৈ দিয়ে।বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলে তেওঁৰ ঘৰৰ পৰাই উৎপাদিত গাহৰি সমূহ ক্ৰয় কৰি লৈ যোৱাৰ কথাও জানিবলৈ দিয়ে যুৱক গৰাকীয়ে।যুৱক গৰাকীয়ে তেওঁৰ ব্যৱসায়িক ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ আশা মনতে পুহি ৰখাৰ লগতে থলুৱা যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত ব্যক্তিগতভাবে এক 'নিদৰ্শন' দাঙি ধৰাৰ চেষ্টা কৰি অহাৰ কথাও জানিবলৈ দিয়ে।অৱশ্যে 'আফ্ৰিকান শ্বোৱাইন ফ্লু' ৰোগবিধৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পালেও ৰাজ্যত গাহৰি বিক্ৰীৰ অনুকুল পৰিৱেশ এটা এতিয়াও অহা নাই বুলিও যুৱক গৰাকীয়ে মন্তব্য কৰিলে।অৱশ্যে সোনকালেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলিও আশাবাদী ব্যক্ত কৰিলে যুৱক গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ