
নলবাৰী, ১৭ ডিচেম্বৰ (হি.স.)।
ৰাষ্ট্ৰীয় বঁটা লাভ কৰি টিহুলৈ গৌৰৱ কঢ়িয়াই আনিলে নাগাৰা নামৰ পাঠিকা মধুস্মিতা ৰাজবংশীয়ে । বঁটা লাভ কৰি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হৈ পিতৃ মাতৃৰ চৰণত সেৱা লৈ গৃহত পদাৰ্পন শিল্পীগৰাকীৰ।
ইয়াৰ পিছতে শিল্পীগৰাকীক দল সংগঠনৰ লগতে গঞা ৰাইজে উষ্ম আদৰণি জনায় পাঠিকা গৰাকীক ।
টিহু মহাবিদ্যালয় অধ্যয়নৰত ছাত্ৰী তথা নাগৰা নামৰ শিল্পী মধুস্মিতাৰ খবৰে আনন্দৰ বন্যা বয় মহাবিদ্যালয় খনত।
দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী ছাত্ৰী তথা পাঠিকাই পঢ়াৰ সমান্তৰালকৈ নিজখানা গাঁৱৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে নাগৰা নাম পৰিবেশন কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
পাঠিকা গৰাকীৰ গুৰু সুভাষ নাথৰ প্ৰচেষ্টাত এই সন্মান পদক (২০২৫) লাভ কৰাৰ পিচতে শিল্পীগৰাকী নামক লৈ অধিক উচ্চাসী হৈ পৰে লগতে গুৰু সুভাষ নাথক ধন্যবাদ জ্ঞাপন কৰে ।
নতুন দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ ভৱনত আয়োজিত এক অনুস্থানত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰীৰ হাতৰ পৰা উক্ত বঁটা গ্ৰহণ কৰে পাঠিকা গৰাকীয়ে ।
পাঠিকা গৰাকীৰ এই সন্মান লাভত ৰঘুমনি ছোৱালী নাগৰা নামৰ দলটিৰ মাজত ব্যাপক উৎসাহৰ লগতে টিহু-নিজখানা আদৰ্শ গাঁও খনত অঞ্চলত আনন্দৰ লহৰ উঠিছে ।
পাঠিকা গৰাকী লাভ কৰা বঁটাৰ লগত স্মাৰক, চেলেং গামোচা আৰু প্ৰমান পত্ৰ লাভ কৰা বুলি জানিবলৈ দিছে ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar