
নগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। ৰহাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস। জাক জাক বনৰীয়া হাতীয়ে এতিয়া ৰহাৰ হাৰিয়াপাৰ, হাতীমূৱা, পহুপুৰী, জাকৰুৱা ধেমাজী উদৰভেটি, কজলাজান আদিকে ধৰি ইখনৰ পিচত সিখন অঞ্চলত চলাই আহিছে উপদ্ৰৱ৷ বিগত এসপ্তাৰ পৰা নগাঁৱৰ কন্দলী পাহাৰৰ পৰা নামি অহা প্ৰায় তিনি শতাধিক বন্যহস্তীয়ে নিদ্ৰা হৰিছে অঞ্চলটোৰ ৰাইজৰ।
দিনত ৰহাৰ জলাহৰ এক দুৰ্গম ঠাইত আশ্ৰয় লৈ থকা বৃহৎ হাতীৰ জাকটোৱে সন্ধিয়া হ'লেই এই অঞ্চলবোৰলৈ ওলাই আহি শ শ বিঘা পথাৰৰ ধান, শস্য খাই তহিলং কৰাৰ উপৰি ভৰাঁল ভাঙি গুটিধান খোৱাৰ লগতে বাৰী-ঘৰতো প্ৰৱেশ কৰি বিস্তৰ ক্ষতি কৰি আহিছে৷ সন্ধিয়া হ’লেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় এই অঞ্চলবোৰত৷ হাতীৰ জাকটোৱে ইতিমধ্যে হাৰিয়াপাৰত কেইবাটাও বাসগৃহও ধ্বংস কৰিছে৷ অঞ্চলৰ ৰাইজে নিশা জুই জ্বলাই, ব’ম, ফটকা, টিং, কাঁহ বজাই হাতী খেদিবলৈ চেষ্টা চলাই আহিছে যদিও আগ্ৰাসী হাতীৰ জাকটোৱে নিতৌ ক্ৰমান্বয়ে জনবহুল অঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছে৷ ফলত অধিক আতংকিত হৈ পৰিছে গঞা৷ নিশা নিশা নগাঁও বন বিভাগৰ লোক আহি হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ যাৰবাবে এতিয়া অঞ্চলৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ যিকোনো প্ৰকাৰে হাতীৰ জাকটো খেদিব নোৱাৰিলে জনজীৱনৰো হানি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ সেয়ে বন্যহস্তীৰ পৰা জনসাধাৰণক নিৰাপত্তা দিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলৰ ৰাইজে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা