
যোৰহাট, ১৭ ডিচেম্বৰ (হি.স.): যোৰহাটত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। আইএছবিটি দিশৰ পৰা নগৰ অভিমুখে আহি থকা এখন এপে' বাগৰি পৰে পথত ।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰ বেগত আছিল বাহনখন । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ ০৩ চিচি ৮৫৮২ বুলি জনা গৈছে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালকসহ তিনিও গৰাকী যাত্ৰীক সঞ্জীৱনী হাস্পতাললৈ ততাতৈয়াকৈ স্থানীয় লোকে লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ