হোজাইৰ দীঘলবালিত ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত বৃদ্ধ
হোজাই, ১৭ ডিচেম্বৰ (হি.স.)। হোজাইৰ দীঘলবালিত কালি নিশা এক দুৰ্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এগৰাকী ৭৫ বছৰীয়া বৃদ্ধ।হোজাইৰ দীঘলবালি আৰ কে ইটা ভাটাত সংঘটিত হৈছে উক্ত দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত উক্ত ভাটাত কৰ্মৰত নন্দ সিংহ
হোজাইৰ দীঘলবালিত ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত বৃদ্ধ


হোজাই, ১৭ ডিচেম্বৰ (হি.স.)। হোজাইৰ দীঘলবালিত কালি নিশা এক দুৰ্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এগৰাকী ৭৫ বছৰীয়া বৃদ্ধ।হোজাইৰ দীঘলবালি আৰ কে ইটা ভাটাত সংঘটিত হৈছে উক্ত দুৰ্ঘটনা।

ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত উক্ত ভাটাত কৰ্মৰত নন্দ সিংহ নামৰ লোকজন। নন্দ সিংহৰ ঘৰ হোজাইৰ গোচেৰা বস্তিত। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ট্ৰেক্টৰসহ পলায়ন চালক তাপচ দেৱনাথ,তেওঁ বয়স প্ৰায় ১৬ বছৰ। অনুজ্ঞাপত্ৰ বিহীন ভাৱে কিশোৰজনে চলাই আছিল ট্ৰেক্টৰ খন।ইতিমধ্যে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ আৰু আৰু গ্ৰেপ্তাৰ কৰে নুৰ নামৰ অন্য এজন চালকক। চালকক বিচাৰি অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande