
কাৰ্বি আংলং, ১৭ ডিচেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ফুলনি নগৰৰ শিমলু আটি গাঁৱৰ সমীপত থকা ২৯ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ।
জানিব পৰা মতে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এম এন ০৩ বি ০২৫০ নম্বৰযুক্ত এখন এম্বুলেন্স বাহন আৰু ফুলনি নগৰৰ পৰা আহি থকা এএছ ০৯ বি ৫৮৩৩ নম্বৰযুক্ত স্কুটী বাহন খনে ড্ৰিভাইডাৰেদি ৰাস্তা পাৰ হ'ব লওঁতেই এম্বুলেন্স খনে পাছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো ।
উল্লেখ্য যে, উক্ত এম্বুলেন্স খনে মণিপুৰৰ পৰা গুৱাহাটীলৈ ৰোগী কঢ়িয়াই আনিছিল । ইপিনে স্কুটী চালক জন ফুলনি গাঁও নিৱাসী টিকেন দৈমাৰী (৪৭) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত টিকেন দৈমাৰী নামৰ স্কুটী চালক জন গুৰুতৰ ভাৱে আহত হয় যদিও ততাতয়াকৈ ফুলনি মডেল হস্পিটেললৈ লৈ যোৱা হয়, পৰৱৰ্ত্তী সময়ত প্ৰাথমিক চিকিৎসা লাভ ব্যক্তি জন কিছু সুস্থ হয় ।
ঘটনাস্থলীত উত্তৰ বৰবিল আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পাছত তদন্ত আৰম্ভ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ