পুৱাই পুৱাই টীয়ক আৰক্ষীৰ চুলাইৰ বিৰুদ্ধে অভিযান
যোৰহাট, ১৭ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ক আৰক্ষীয়ে আজি পুৱাই পুৱাই চুলাইৰ বিৰুদ্ধে অভিযান চলায়। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত চেলেংহাট পথাৰতে ধৰি কেইবাটাও স্থানত চলিছে অভিযান। টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলকেশ কামানৰ নেতৃত্ব
পুৱাই পুৱাই টীয়ক আৰক্ষীৰ চুলাইৰ বিৰুদ্ধে অভিযান।


যোৰহাট, ১৭ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ক আৰক্ষীয়ে আজি পুৱাই পুৱাই চুলাইৰ বিৰুদ্ধে অভিযান চলায়। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত চেলেংহাট পথাৰতে ধৰি কেইবাটাও স্থানত চলিছে অভিযান।

টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলকেশ কামানৰ নেতৃত্বত এটা দলে ইতিমধ্যে প্ৰায় ২০,০০০ লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হৈছে।

ঘাটিসমূহৰ পৰা লালি গুৰ, ফিটকিৰিকে ধৰি বিভিন্ন ৰাসায়নিক দ্ৰব্য উদ্ধাৰ কৰিছে দলটোৱে। অৱশ্যে ঘাটিসমূহৰ পৰা কোনো বেপাৰী এই পৰ্যন্ত আটক কৰা নাই আৰক্ষীয়ে। চুলাই বিৰোধী আৰক্ষীৰ এই অভিযানৰ শলাগ লয় ৰাইজে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande