
কোকৰাঝাৰ, ১৭ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ভাওৰাগুৰী পথৰ সংলগ্ন ফ্লোৰ মিলৰ সন্মূখত অহা ২১ ডিচেম্বৰত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ ১৩৮ তম জন্মোৎসৱ উপলক্ষে প্ৰীতি লাগ্নিক মহামহোৎসৱ পালন কৰা হব।
এই মহোৎসৱত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় ২ লাখৰ অধিক ভক্তৰ সমাগম হব।উক্ত মহামহোৎসৱত অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লগতে বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰী উপস্হিত থাকিব। এই উপলক্ষে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ অব্যাহত ৰাখিছে। ভক্তসকলৰ সুবিধাৰ্থে খোৱা-পিন্ধা, চিকিৎসা সেৱা, পানী যোগান, স্বচ্ছতা ব্যৱস্থা তথা স্বেচ্ছাসেৱকৰ দল নিয়োজিত কৰা হৈছে। লগতে সুশৃঙ্খল ভাৱে মহোৎসৱ সম্পন্ন কৰিবলৈ নিৰাপত্তা ব্যৱস্থাও কঠোৰ কৰা হৈছে।
মহোৎসৱৰ কাৰ্যসূচীত প্ৰাৰ্থনা সভা, ধৰ্মীয় আলোচনা, ভজন-কীৰ্তন আৰু আশীৰ্বাদমূলক ভাষণ আদি অনুষ্ঠিত হ’ব। উদ্যোক্তাসকলে জনসাধাৰণক এই পবিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি অনুষ্ঠানটিক সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ