
কোকৰাঝাৰ, ১৭ ডিচেম্বৰ (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী মাহত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) অঞ্চল ভ্ৰমণ কৰিব । এই তথ্য বুধবাৰে দিয়ে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে বিটিচি প্ৰধানগৰাকীয়ে।
হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ভাৰত-ভূটান ৰে’ল সংযোগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই ৰে’ল প্ৰকল্পই ভাৰত আৰু ভূটানৰ মাজত সংযোগ, বাণিজ্য আৰু দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ চিৰাং ভ্ৰমণ বিটিচি অঞ্চলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। ই কেৱল আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাই নহয় আঞ্চলিক সংযোগত এক নতুন মাত্ৰাও যোগ কৰিব।
বিটিচিৰ মুৰব্বীগৰাকীৰ মতে, এই প্ৰকল্পই উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব আৰু স্থানীয় ৰাইজৰ বাবে কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক সুযোগৰ সৃষ্টি কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া