অকস্মাত অভাৰ লোড ট্ৰাকৰ বিৰুদ্ধে ঘৰ্গহস্ত শ্ৰীভূমি প্ৰশাসন
কাছাৰ, ১৭ ডিচেম্বৰ (হি.স.)। অকস্মাত অভাৰ লোড ট্ৰাকৰ বিৰুদ্ধে ঘৰ্গহস্ত শ্ৰীভূমি প্ৰশাসন । বাবা হোটেলৰ পৰা সুতাৰকান্দি ২০ কিলোমিটাৰ এলেকাত নিয়োগ ৭ জনকৈ দণ্ডাধীশ ! কালি নিশা জিলা আয়ুক্তৰ নিৰ্দেশৰ লগে-লগে পথ নামিল দণ্ডাধীশ । জৰিমনা কৰিলে শিল কঢ়িয়াই
অকস্মাত অভাৰ লোড ট্ৰাকৰ বিৰুদ্ধে ঘৰ্গহস্ত শ্ৰীভূমি প্ৰশাসন


কাছাৰ, ১৭ ডিচেম্বৰ (হি.স.)। অকস্মাত অভাৰ লোড ট্ৰাকৰ বিৰুদ্ধে ঘৰ্গহস্ত শ্ৰীভূমি প্ৰশাসন । বাবা হোটেলৰ পৰা সুতাৰকান্দি ২০ কিলোমিটাৰ এলেকাত নিয়োগ ৭ জনকৈ দণ্ডাধীশ ! কালি নিশা জিলা আয়ুক্তৰ নিৰ্দেশৰ লগে-লগে পথ নামিল দণ্ডাধীশ । জৰিমনা কৰিলে শিল কঢ়িয়াই নিয়া ট্ৰাকত । এতিয়া প্ৰশ্ন হৈছে হঠাত কেনেদৰে সক্ৰিয় হ'ল প্ৰশাসন ?

অভাৰলোডৰ , নিম্নমানৰ কামৰ বাবে বদৰপুৰ ঘাটৰ দলং যেতিয়া বাৰংবাৰ বন্ধ আছিল তেতিয়া শ্ৰীভূমি প্ৰশাসন ইমান তৎপৰ নাছিল যিমান যোৱাকালিৰ পৰা তৎপৰ হ'ল । প্ৰশাসন যদি বা তৎপৰ হৈছে তেতিয়া বাবা হোটেলৰ পৰা সুতাৰকান্দি লৈকে কিয় ? জিলাৰ আৰম্ভণি বা শেষ লৈকে মাজিস্টেটে অভাৰ লোড গাড়িৰ উপৰত নজৰ নিদিব কিয় ? এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে জিলা প্ৰশাসনে উলোৱা নিৰ্দেশনাই । যোৱা নিশা আৰক্ষী, পৰিবহন বিভাগৰ লোকক লৈ ৰাস্তাত নামিল প্ৰশাসন । দন্ডাধীশে কৰিলে জৰিমনাও । আগতে শিল কয়লা ট্ৰাকৰ ফালে চকুৰে চোৱাৰ অনুমতি নাছিল । ফলতে নম্বৰ নথকা গাড়ি দেখিলেও জৰিমনাৰ সাহস গোটাব পৰা নাছিল প্ৰশাসনিক বিভাগে । এতিয়া মেঘালয়ৰ পৰা শিলচৰ হৈ অহা শিলৰ ট্ৰাকৰ উপৰত জৰিমানা কিবা সংঘাতৰ প্ৰাথমিক ইঙ্গিত নেকি ? এনে প্ৰশ্ন উত্থাপন হৈছে বহুতৰ মনত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande