
নগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। ৰূপহীহাট আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰূদ্ধে কালি নিশা অভিযান। আৰক্ষীৰ অভিযান বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাফ আৰু টেবলেটসহ আটক সৰবৰাহকাৰী।
আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত গড়েমাটিখোৱাত অভিযান চলাই ২৬ টা কফ চিৰাফ আৰু ২৬০ টা টেবলেটসহ আটক কৰে বিদ্যুৎজ্যোতি শইকীয়া ওৰফে মুন নামৰ সৰবৰাহকাৰীজনক। বিদ্যুৎজ্যোতি শইকীয়াৰ বাসগৃহত অভিযান চলাই অভিযানকাৰী দলটোৱে জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি।সম্প্রতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীজনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ