জটিল ৰোগত আক্ৰান্ত দশম শ্ৰেণীৰ ছাত্ৰ , মুখ্যমন্ত্ৰী - ৰাইজৰ সহায়ৰ আহ্বান পৰিয়ালৰ
লখিমপুৰ, ১৭ ডিচেম্বৰ (হি.স.) । ্য যিটো সময়ত ছাত্ৰজন পঢ়াৰ টেবুলত অধ্যয়নত ব্যস্ত থাকিব লাগিছিল। তেনে এক সময়ত এটা জটিল ৰোগত আক্ৰান্ত হৈ ছাত্ৰজনে বিচনাত শুই থাকিব লগা অৱস্থা হৈছে ৷ চিকিৎসাৰ কোনো ফল নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে সমস্ত পৰিয়ালটো ৷ ছ
জটিল ৰোগত আক্ৰান্ত দশম শ্ৰেণীৰ ছাত্ৰ , মুখ্যমন্ত্ৰী - ৰাইজৰ সহায়ৰ আহ্বান পৰিয়ালৰ


লখিমপুৰ, ১৭ ডিচেম্বৰ (হি.স.) । ্য যিটো সময়ত ছাত্ৰজন পঢ়াৰ টেবুলত অধ্যয়নত ব্যস্ত থাকিব লাগিছিল। তেনে এক সময়ত এটা জটিল ৰোগত আক্ৰান্ত হৈ ছাত্ৰজনে বিচনাত শুই থাকিব লগা অৱস্থা হৈছে ৷

চিকিৎসাৰ কোনো ফল নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে সমস্ত পৰিয়ালটো ৷ ছাত্ৰজনৰ ঘৰ বিহপুৰীয়াৰ সমীপৰ কলাবিল মৰণৈ গ্ৰেজিং গাঁৱত ৷ ভূৱন শৰ্মা আৰু কুঞ্জলতা শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তানৰ ৰোগত ধৰাশায়ী হৈ পৰিছে পৰিয়ালটো ৷ কেইদিনমানৰ পিছতে আৰম্ভ হব ছাত্ৰ গৰাকীৰ মেট্ৰিক পৰীক্ষা ৷ ছাত্ৰজনক সুস্থ কৰিবলৈ পৰিয়ালে ভিক্ষা বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী তথা ৰাইজৰ ৷ ইচ্ছুক সদশয় লোকসকলে 8404011039 মবাইল নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰিব ছাত্ৰজনক৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande