
গুৱাহাটী, ১৭ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে হেৰ’ইন সৰবৰাহৰ গোচৰত জড়িত এজন চোৰাং ব্যৱসায়ীক উলুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ ভিত্তিত থানা এলেকাৰ উলুবাৰী অঞ্চলৰ উত্তৰণ পথত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সৰবৰাহকাৰীজনৰ নাম অখিলেশ কুমাৰ বৰ্মা। ধৃত অভিযুক্তৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৯৯টা সৰু প্লাষ্টিকৰ চিচি, য’ত হেৰ’ইন ভৰোৱা আছিল। লগতে নগদ ১ লাখ ৬৩ হাজাৰ টকা জব্দ কৰা হৈছে। ধৃত লোকজন উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল আৰু তেওঁ মহানগৰীত ভাড়াঘৰত থাকি এই চোৰাং কাৰবাৰ কৰি আহিছিল। এই সন্দৰ্ভত এনডিপিএছ আইনৰ ধাৰাত এফআইআৰ ৰুজু কৰি আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া