
ডিব্ৰুগড়, ১৭ ডিচেম্বৰ (হি.স.)। অহা ২১ ডিচেম্বৰত নামৰূপত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী গৰাকীয়ে নামৰূপত উপস্থিত হৈ প্ৰায় ১০ হাজাৰ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া অসম ভেলি ফ্ৰাৰটিলাইজাৰ কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰি এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী গৰাকী আগমনৰ প্ৰাকক্ষণত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় একাংশ লোক ।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে জিলা প্ৰশাসনে তেওঁলোকৰ পথাৰ সমূহৰ কোনো অনিষ্ট নকৰাকৈ মূল মণ্ডপ আৰু হেলিপেড নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । শেহতীয়াকৈ এতিয়া বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে সভাৰ নামত অধিগ্ৰহণ কৰা এই পথাৰ সমূহত। জিলা প্ৰশাসনে পথাৰৰ উৰ্ব্বৰা শক্তি কথা চিন্তা নকৰি কংক্ৰিট, বালি আৰু পলস পেলাই পথাৰ খনত খেতিৰ অনুপযোগী কৰি তোলাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অন্যহাতেদি পথাৰ অধিগ্ৰহনৰ নামত স্থানীয় ৰাইজ যি ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইয়া ও ফুটুকাৰ ফেনত পৰিণত হোৱাত এতিয়া হতাশাত ভূগিছে লগা হৈছে সৰ্বসাধাৰণ কৃষক ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা