দেৰগাঁৱৰ ৰঙামাটিত চাহ ফেক্টৰীৰ টিঙৰ ওপৰৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু
গোলাঘাট, ১৭ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱৰ ৰঙামাটিত শোকাৱহ ঘটনা্। চাহ ফেক্টৰীৰ টিঙৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ। ৰঙামাটি স্থিত বিএলটি নামৰ চাহ ফেক্টৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা। মৃত শ্ৰমিক জন দেৰগাঁও হালোৱা গাঁৱৰ ২৫ বছৰীয়া সূৰ্য কমল বৰা। ফেক্টৰীটো
দেৰগাঁৱৰ ৰঙামাটিত চাহ ফেক্টৰীৰ টিঙৰ ওপৰৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু


গোলাঘাট, ১৭ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱৰ ৰঙামাটিত শোকাৱহ ঘটনা্। চাহ ফেক্টৰীৰ টিঙৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ।

ৰঙামাটি স্থিত বিএলটি নামৰ চাহ ফেক্টৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা। মৃত শ্ৰমিক জন দেৰগাঁও হালোৱা গাঁৱৰ ২৫ বছৰীয়া সূৰ্য কমল বৰা।

ফেক্টৰীটোত কোনো ধৰণৰ নিৰাপত্তা জনিত ব্যৱস্থা নথকাৰা অভিযোগ সহযোগী শ্ৰমিকৰ।

পূৰ্বেও ফেক্টৰীটোত কোনো ধৰণৰ সাৱধানতা নথকাৰ বাবে সংঘটিত হৈছিল এনেধৰণৰ ভয়ংকৰ ঘটনা। তাৰপাছতো শিক্ষা নললে বিএলটি নামৰ এই চাহ ফেক্টৰীটোৱে। বৰ্তমান দেৰগাঁও আৰক্ষী থানাত ৰখা হৈছে শ্ৰমিক জনৰ মৃতদেহ।

ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দেৰগাঁও আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande