
যোৰহাট, ১৭ ডিচেম্বৰ (হি.স.)। মৰিয়নিত ধোৱা চাঙত উঠিল কোটি টকীয়া জল জীৱন মিছনৰ পানী যোগান আঁচনি। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে মৰিয়নি সমষ্টিৰ এটা অঞ্চলৰ ৰাইজে।
মৰিয়নি ৬১ নং কাটনী গাওঁ পঞ্চায়তৰ নিউ সোনোৱাল চাহ বাগিচাৰ ৫নং ৱাৰ্ড বাসীয়ে বৰ্তমানো নগা পাহাৰৰ পৰা বৈ অহা চিৰা খাতি নদীখনৰ ওপৰতে ভৰসা কৰিব লগীয়া হৈছে। প্ৰতি দিনে নৈত বালি পুখুৰী খান্দি পানী সংগ্ৰহ কৰি অস্বাস্থ্যকৰ লেটেৰা পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰি আহিছে এই অঞ্চলৰ লোকে। অঞ্চলটোত জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে পানী পাইপ সংযোগ কৰিছিল যদিও আজি পৰ্যন্ত নোলাল পানী।।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ