
কোকৰাঝাৰ, ১৭ ডিচেম্বৰ (হি.স.): জলজীৱন মিছন ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি এই অভিযানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপন কৰি ইয়াৰ তদন্তৰ দাবী জনাইছে কংগ্ৰেছে। দলটোৰ মতে জলজীৱন মিছন আঁচনিটো হ’ল কমিছন খোৱাৰ আঁচনি ৷ সমগ্ৰ ৰাজ্যত নিৰ্মাণ কৰা জলজীৱন আঁচনিৰ নামত কমিছন বহুৱাই লুণ্ঠন চলোৱা বিজেপি চৰকাৰে ঠিকাদাৰৰ বিল সমুহ আদায় দিয়া নাই । বিভিন্ন স্থানত জলজীৱন আঁচনি নিৰ্মাণ সম্পূৰ্ণ কৰা আৰু কিছু ঠাইত অসম্পূৰ্ণ হৈ থকা আঁচনিৰ টকা চৰকাৰে মোকোলাই নিদিয়াত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যলয়ৰ সন্মুখত অৰ্ধশতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰা কংগ্ৰেছৰ নেতা-কৰ্মীসকল। প্ৰতিবাদীসকলে নল আছে জল নাই, বিজেপি চৰকাৰৰ কাম নাই, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, হিমন্ত চৰকাৰ হায় হায়, জয়ন্ত মল্ল বৰুৱা হায় হায়, জলমিত্ৰৰ দৰমহা বঢ়াই দিয়ক, জলমিত্ৰৰ দৰমহা মোকোলাই দিয়ক, জলজীৱন মিছনত দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে ৷ ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছৰ জিলা সভাপতি যোছেফ হাছদাই (প্ৰেম) জেজেএমৰ নামত ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত হোৱা বুলি অভিযোগ কৰিছে ৷ যাৰ ফলত ৰাইজে আঁচনিৰ পৰা এটোপাল পানী পোৱা নাই৷ আঁচনিৰ নামত লুণ্ঠন চলাই বিজেপি চৰকাৰে ঠিকাদাৰৰ বিল আদায় দিয়া নাই ৷ যি সকলে মাটি দিন কৰিছে, জলমিত্ৰ সকলক দৰমহা দিয়া নাই ৷ দুৰ্নীতি আৰু কমিছনৰ বাবেই জলজীৱন মিছন ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি দুৰ্নীতিৰ তদন্ত হ’ব লাগে দাবী কৰিছে ৷ আনকি ঠিকাদাৰ আৰু জলমিত্ৰ সকলৰ অনাদায়ী টকা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ আজিৰ ধৰ্ণা কাৰ্যসূচীত নুৰ আলম সেখ, প্ৰশাসনিক সম্পাদক শিৱৰাম বসুমতাৰী, এছ টি কোষৰ ৰাজ্যিক সভাপতি সহেন ব্ৰহ্ম, উপ সভাপতি সুনীল নাৰ্জাৰী আদিকে ধৰি ৰাজ্যিক, জিলা আৰু ব্লক কমিটিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ