স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
গুৱাহাটী, ১৭ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰৰ নিজা কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে। এই
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী, ১৭ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰৰ নিজা কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে।

এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অহা ২২ ডিচেম্বৰ তাৰিখে প্ৰদান কৰিবলগীয়া নিযুক্তি পত্ৰ বিতৰণ, বিধানসভা সমষ্টি ভিত্তিত চি-চেকচন সন্দৰ্ভত ডিজিটেল মেপ প্ৰস্তুত ,শিক্ষানুষ্ঠান সমূহত স্বাস্থ্য ক্লাৱ গঠন, স্বাস্থ্যৱান শ্ৰমিক আঁচনি,২০ খন চাহ বাগিছাৰ আন্তঃগাথঁনিৰ উন্নয়ন, স্বাস্থ্যখণ্ডৰ বিভিন্ন শিতানৰ সুচাংক, এ এম এছ চি এলৰ দ্বাৰা যোগান ধৰা ঔষধ আৰু কাৰিকৰী সামগ্ৰী ক্ৰয় কৰাকে ধৰি বিভাগৰ বিভিন্ন বিষয় সম্পৰ্কে বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়।

ইয়াৰ উপৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত অনুস্থিত হৈ যোৱা বৃহৎ স্বাস্থ্য শিবিৰত জটিল ৰোগত চিনাক্ত হোৱা ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে ৰাজ্যখনৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে আহোতে তেওঁলোকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই দিশত বিশেষ লক্ষ্য ৰাখিবলৈ বিভাগক নিৰ্দেশ দিয়ে।তদুপৰি তেওঁ সেই ৰোগী সকলৰ খবৰ লবলৈ অভিভাৱক বিষয়া সকলক আহ্বান জনায়।ইয়াৰ উপৰি অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে পঠাবলগীয়া ৰোগীসকলক অতি সোনকালে পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।উল্লেখ্য যে ৰাজ্যখনত অনুস্থিত হৈ যোৱা বৃহৎ স্বাস্থ্য শিবিৰত মুঠ ৩৩২২৫ গৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীক চিনাক্ত কৰি উন্নত চিকিৎসাৰ বাবে বিভাগে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

তেওঁ লগতে কয় যে যিসমূহ নতুন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু স্বাস্থ্য উপ কেন্দ্ৰ সাজু হৈ উঠিছে সেই কেন্দ্ৰ সমূহ অতি সোনকালে মুকলি কৰি ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ ব্যৱস্থা কৰিব লাগে।তদুপৰি ৰাজ্যখনত ১০০ খন এফ আৰ ইউৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে জানিবলৈ বিচৰাত বিভাগে জানিবলৈ দিয়ে যে ৰাজ্যত ৯২ খন এফ আৰ ইউ কাৰ্য্যক্ষম হৈ থকাৰ বিপৰীতে বাকী থকা ৮ খন অতি সোনকালে কাৰ্য্যক্ষম কৰাৰ ব্যৱস্থা কৰা হব।বৈঠকত মন্ত্ৰী গৰাকীয়ে বিধান সভা সমষ্টি ভিত্তিত চি-চেকচন সন্দৰ্ভত ডিজিটেল মেপ প্ৰস্তুতৰ ওপৰত পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বিতংভাৱে বুজ লৈ কেতবোৰ পৰামৰ্শ আগবঢ়ায়।

ছাত্ৰ ছাত্ৰী সকলক স্কুলত অধ্যয়ন কৰি থকাৰ পৰাই যাতে সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে সেই দিশত তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে শিক্ষানুষ্ঠান সমূহত স্বাস্থ্য ক্লাব গঠনৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে অতি সোনকালে এই দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। তেওঁ চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠান সমূহতো এই স্বাস্থ্য ক্লাব গঠনৰ পোষকতা কৰে।এই স্বাস্থ্য ক্লাব সমূহত ছাত্ৰ ছাত্ৰী সকলক সু-স্বাস্থ্যৰ বাবে যোগভ্যাসৰ লগতে বিভিন্ন দিশত সজাগতা সৃষ্টি কৰাৰ উপৰি খাদ্যভ্যাস সম্পৰ্কটো জ্ঞান দিয়াৰ বাবে মতপোষন কৰে।

ৰাজ্যখনৰ ২০ খন চাহ বাগিছাৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত জানিবলৈ বিচৰাত বিভাগে জানিবলৈ দিয়ে যে ইতিমধ্যে ১৭ খন চাহ বাগিছাৰ আন্তঃগাথনি উন্নয়নৰ বাবে ৩ লাখ টকাকৈ প্ৰদান কৰা হৈছে। বৈঠকত স্বাস্থ্যবান শ্ৰমিক আঁচনিখন সন্দৰ্ভত বিতংভাবে আলোচনা কৰি অতি সোনকালে ইয়াক কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগক নিৰ্দেশ প্ৰদান কৰে। তদুপৰি এই বৈঠকত লোক নিৰ্মান বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত ৰাজ্যখনৰ বিভিন্ন জিলাত চলাই থকা আন্তঃগাথনিৰ কামৰ বিষয়টোৰ ওপৰতো মন্ত্ৰী গৰাকীয়ে বিতংভাবে আলোচনা কৰাৰ লগতে ইয়াক অধিক খৰতকীয়া কৰিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগক নিৰ্দেশ দিয়ে।

বিশেষজ্ঞ চিকিৎসকৰ দল গঠন কৰি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰৰ কাৰণ সমূহ জানিবলৈ আৰু ইয়াক ৰোধ কৰাৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে জানিবলৈ বিচৰাত,বিভাগে জনায় যে ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ দল গঠন কৰা হৈছে আৰু ইয়াৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায়। মন্ত্ৰী গৰাকীয়ে অভিভাবক বিষয়া সকলৰ বিভিন্ন জিলা ভ্ৰমন সম্পৰ্কত দাখিল কৰা প্ৰতিবেদনৰ ওপৰতো আলোচনা কৰে।বৈঠকত মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত বৰ্তমানৰ সুচাংকৰ সন্দৰ্ভত পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বুজ লৈ, যি সমূহ শিতানত বিভাগে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই সেই দিশসমূহ ভালদৰে পৰ্যবেক্ষণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে।

আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক কমলজিত তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিত শৰ্মা, প্ৰমুখ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande