গৌৰীপুৰত মিনি তেল ডিপোত পেট্ৰ'ল কম দিয়াকলৈ হুলস্থুল
গৌৰীপুৰত মিনি তেল ডিপোত পেট্ৰল কম দিয়াকলৈ হুলস্থুল।
গৌৰীপুৰত মিনি তেল ডিপোত পেট্ৰ'ল কম দিয়াকলৈ হুলস্থুল


ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত মিনি তেল ডিপোত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া পেট্ৰল কম দিয়াক লৈ হুলস্থুলৰ সৃষ্টি হয়।শিলাইৰপাৰ বজাৰত আইফিউল (iFuel) নামৰ মিনি তেল ডিপোৰ বিৰুদ্ধে এই অভিযোগ কৰে গ্ৰাহকে।

মিনি তেল ডিপোৰ স্বত্বাধিকাৰীয়ে গ্ৰাহকক প্ৰতি লিটাৰ পেট্ৰলত ৫০-৭৫ গ্ৰাম কম দিয়াৰ অভিযোগ উত্থাপিত হৈছে। প্লাষ্টিক বটলত পেট্ৰ'ল ভৰ্তি কৰি বিক্ৰী কৰা হয় মিনি ডিপোত। ইন্ধন দুৱাৰে দুৱাৰে যোগান ধৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গাঁৱে গাঁৱে আইফিউল মিনি তেল ডিপোত এতিয়া অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত অতি সোনকালে তদন্তৰ দাবী জনাইছে গ্ৰাহক সকলেয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande