গোলাঘাটৰ নৰাগাঁওত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাট, ১৭ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ নৰাগাঁওত নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে গোধনকে ধৰি পোহনীয়া জন্তু মাৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ কেইদিনমান পূৰ্বে নিশা এখন বাঘৰ ফটো আৱদ্ধ কৰিছিল কৰ্তব্য অৱস্থাত থকা অৰ্দ্ধসামৰি
গোলাঘাটৰ নৰাগাঁওত নাহৰফুটুকী পিঞ্জৰাবদ্ধ


গোলাঘাট, ১৭ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ নৰাগাঁওত নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে গোধনকে ধৰি পোহনীয়া জন্তু মাৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ কেইদিনমান পূৰ্বে নিশা এখন বাঘৰ ফটো আৱদ্ধ কৰিছিল কৰ্তব্য অৱস্থাত থকা অৰ্দ্ধসামৰিক বাহিনীৰ এজন জোৱানে ৷ তাৰ পিছতেই বন বিভাগে উক্ত স্থানত পাতিছিল পিঞ্জৰা ৷

নাহৰফুটুকীটো চাবলৈ নৰাগাঁওত পুৱাই যথেষ্ট লোকৰ সমাগম হোৱা দেখা গ’ল ৷ উল্লেখ্য যে পূৰ্বতে নৰাগাঁও অঞ্চলত ১৫ টাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ লগতে এইটো পিঞ্জৰাবদ্ধ হোৱা ১৬ টালৈ বৃদ্ধি পালে অঞ্চলটোত পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীৰ সংখ্যা ৷ আনহাতে কেইবাদিন ধৰি অঞ্চলটোত অব্যাহত আছে বন্যহস্তিৰো উপদ্ৰৱ ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় লোকসকলে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande