কোকৰাঝাৰৰ দোতমাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত মহিলা উদ্যমিতাৰ চেক বিতৰণ
কোকৰাঝাৰ, ১৭ ডিচেম্বৰ (হি.স.) ।্য ৰাজ্যৰ মহিলা সকলক সবলিকৰণৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ চেক আজি কোকৰাঝাৰতো বিতৰণ কৰা হয় ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰ
কোকৰাঝাৰৰ দোতমাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত মহিলা উদ্যমিতাৰ চেক বিতৰণ ।


কোকৰাঝাৰৰ দোতমাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত মহিলা উদ্যমিতাৰ চেক বিতৰণ ।


কোকৰাঝাৰ, ১৭ ডিচেম্বৰ (হি.স.) ।্য ৰাজ্যৰ মহিলা সকলক সবলিকৰণৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ চেক আজি কোকৰাঝাৰতো বিতৰণ কৰা হয় ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাবে আত্ম সহায়ক গোটৰ মহিলা সকলক ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয় । দোতমা বিধান সভা সমষ্টিৰ অন্তৰ্গত ২২৮৯৯ গৰাকী মহিলাক চেক বিতৰণ কৰা হয় ৷

ৰাইজক সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মহিলা সকলক আগবঢ়াই লৈ যোৱা উদ্দেশ্যৰে এই আচনি ৰূপায়ন কৰা হৈছে ৷ তেও উল্লেখ কৰে যে এইবেলি ১০ হেজাৰ টকা লাভ কৰা মহিলা সঠিক কামত ব্যবহাৰ কৰিলে অহা বছৰত মহিলা সকলক ২৫ হেজাৰ টকা প্ৰদান কৰা হব ।আজিৰ অনুষ্ঠানত বিটিছিৰ মূখ্য কাৰ্যবাহীৰ হাগ্ৰামা মহিলাৰীৰ লগতে বিটিচিৰ ইএম তথা বিধায়ক ৰবিৰাম নাৰ্জাৰী, ইএম মৃতুঞ্জয় নাৰ্জাৰী, প্ৰকাশ বসুমাতাৰী,এমচিএলএ ভজন দাস,এজামুল হক কৰ্মেশ্বৰ ৰায় সহ আন আন নেতা-কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande