ধিঙত চলি থকা বৃহৎ জলাশয় উচ্ছেদৰ আজি দ্বিতীয় দিন
নগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। চাৰিদিনীয়া কাৰ্য্যসূচীৰে ধিঙত চলি থকা বৃহৎ জলাশয় উচ্ছেদৰ আজি দ্বিতীয় দিন। আজিও আৰম্ভ হৈছে উচ্ছেদ অভিযান। ধিং ৰাজহ চক্ৰৰ ৰৌমাৰী বিলৰ আহোম গাঁৱত চলে আজিৰ উচ্ছেদৰ কাৰ্য্যসূচী। যোৱাকালি শ্ৰমিকৰ দ্বাৰা দা, কোৰ, আৰু চিপৰাঙে
ধিঙত চলি থকা বৃহৎ জলাশয় উচ্ছেদৰ আজি দ্বিতীয় দিন


নগাঁও, ১৭ ডিচেম্বৰ (হি.স.)। চাৰিদিনীয়া কাৰ্য্যসূচীৰে ধিঙত চলি থকা বৃহৎ জলাশয় উচ্ছেদৰ আজি দ্বিতীয় দিন।

আজিও আৰম্ভ হৈছে উচ্ছেদ অভিযান। ধিং ৰাজহ চক্ৰৰ ৰৌমাৰী বিলৰ আহোম গাঁৱত চলে আজিৰ উচ্ছেদৰ কাৰ্য্যসূচী।

যোৱাকালি শ্ৰমিকৰ দ্বাৰা দা, কোৰ, আৰু চিপৰাঙেৰে আৰম্ভ কৰা উচ্ছেদ ৰাইজৰ দাবীত আজি এক্সেভেটৰেৰে চলিছে উচ্ছেদ।

ইতিমধ্যে প্ৰশাসনে দুখনকৈ এক্সেভেটৰৰ দ্বাৰা উচ্চেদ চলাইছে। বৃহৎ জলাশয় উচ্ছেদৰ বাবে কাইলৈৰ পৰা ব্যৱহাৰ হব পানীত উপঙি কাম কৰিব পৰা এক্সেভেটৰ। ইফালে কংগ্ৰেছৰ নগাঁও জিলা সম্পাদকৰ দখলত ৰৌমাৰী বিলৰ চৰকাৰী ভূমি। স্থানীয় লোকৰ এই অভিযোগ।

জিলা সম্পাদক ৰাইহান উদ্দীন চৌধুৰীয়ে বিল বেদখল কৰি বনাইছে বৃহৎ বৃহৎ কেবাটাও অবৈধ পুখুৰী।

পুখুৰী সাজি বছৰ বছৰ ধৰি আদায় কৰি আহিছে ব্যক্তিগত মুনাফা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande