
চিৰাং, ১৭ ডিচেম্বৰ (হি.স.)। চিৰাঙৰ কাশিকোত্ৰাত ৪৪ কোটি টকীয়া হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউটৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।
বিটিআৰ শান্তিচুক্তিৰ আধাৰত নিৰ্মাণ হবলগা হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউটৰ আধাৰশিলা স্থাপন কৰিয়ে আক্ৰমণৰ লক্ষ্য কৰি ললে প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়োক মহিলাৰীয়ে ।
প্ৰমোদ বড়োই বিটিআৰ শান্তিচুক্তিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন কৰি অনা হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউটৰ মই বিল্ডিঙ বনাই দিম কিন্তু এই ইনষ্টিটিউটটো কোনে আৰু কেনেকৈ চলিব ?
এইটো প্ৰশ্ন প্ৰমোদ বড়োক সুধিৱ লাগিব বুলি হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ স্বভাৱসুলভ ভঙ্গিমাৰে কটাক্ষ কৰে । উল্লেখ্য যে আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীত আসাম মালা আচঁনিৰ অধীনত ৬১ কোটি টকা ব্যয় সাপেক্ষে আই নৈৰ দলঙৰ আধাৰশিলা স্থাপন কৰে।
অহা নতুন বছৰৰ জানুৱাৰী মাহত চিৰাং জিলাত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেখেতে কোকৰাঝাৰৰ পৰা ভুটানৰ গেলেফু চহৰলৈ ভাৰত-ভূটান সংযোগী ৰেলপথৰ শিলান্যাস কৰিবলৈ প্ৰধানমন্ত্ৰী আহিব বুলি সদৰি কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা