অৰুণাচলত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
মৃতসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক অনুদানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া, ১৭ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত হৈ অলপতে অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত এক মৰ্মান্তিক পথ
অৰুণাচলত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ


মৃতসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক অনুদানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়া, ১৭ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত হৈ অলপতে অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা ব্যক্তিসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু তেওঁলোকৰ দুখৰ সমভাগী হয়। মুখ্যমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰা তথা চিকিৎসাধীন অৱস্থাত থকা ব্যক্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰে আৰু তেওঁৰ সুচিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী ড. শৰ্মাই আজি অসম চৰকাৰৰ তৰফৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আৰ্থিক অনুদানৰ চেক আনুষ্ঠানিকভাৱে আগবঢ়ায়। আনহাতে আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবেও মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ পৰা এক লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। শোকাৱহ দুৰ্ঘটনাটোত নিহতসকলৰ যিসমূহ পৰিয়ালে এতিয়াও অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা নাই, তেনে পৰিয়ালসমূহহক অতি সোনকালেই এই সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহৰ সন্তানৰ পঢ়া শুনাৰ বাবেও প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে।

আজিৰ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক বলিন চেতিয়া, ভাস্কৰ শৰ্মা আৰু পোণাকন বৰুৱা প্ৰমুখ্যে স্থানীয় বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande