সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ লিডু আৰক্ষী, নৱবৰ্ষৰ প্ৰাকক্ষণত তীব্ৰ অভিযান
সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ লিডু আৰক্ষী নৱবৰ্ষৰ প্ৰাকক্ষণত কটকটীয়া অভিযান।
সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ লিডু আৰক্ষী, নৱবৰ্ষৰ প্ৰাকক্ষণত তীব্ৰ অভিযান


তিনিচুকীয়া, ১৭ ডিচেম্বৰ (হি.স.): মাদক দ্রব্য সেৱন কৰি বাহন চলোৱাসকল সাৱধান হওক । সুৰা পান কৰি বাহন চলোৱাৰ আগতে দহবাৰ ভাবক। সমাগত নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে লিডু আৰক্ষী প্ৰশাসন।নৱবৰ্ষক প্ৰাকক্ষণত লিডুৰ ৰাজপথত আৰক্ষীৰ কঠোৰ অভিযান। সুৰা বা মাদক দ্রব্য সেৱন কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে লিডু আৰক্ষীয়ে।ৰাজপথত চলাচল কৰা প্ৰতিখন যান-বাহনৰ চালকক নিয়মিতভাৱে পৰীক্ষা কৰি চলাইছে আৰক্ষীয়ে অভিযান। মাদক দ্রব্য সেৱন কৰি বাহন চলালে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লগা হোৱাৰ লগতে আইনী ব্যৱস্থাৰো সন্মুখীন হ’ব লাগিব।

মাদক দ্রব্য সেৱন কৰি বাহন চলোৱা পৰিহাৰ কৰাৰ উপৰিও যানবাহন আইন মানি চলিবলৈ আহ্বান জনাইছে লিডু আৰক্ষী প্ৰশাসনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande