গৌৰীপুৰৰ এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি
ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰৰ এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি। গৌৰীপুৰত এটা পৰিয়ালৰ লোকক বিভিন্ন অত্যাচাৰ আৰু প্ৰাণে মৰাৰ পৰিকল্পনাৰ অভিযোগ। অভিযোগ অনুসৰি গৌৰীপুৰ তিনি নং ৱাৰ্ডৰ চৰকবাৰীৰ গায়ত্ৰী ৰায় নামৰ এটা পৰিয়ালৰ লোকক বহু দিনৰে পৰা অ
গৌৰীপুৰৰ এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি


ধুবুৰী, ১৭ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰৰ এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি। গৌৰীপুৰত এটা পৰিয়ালৰ লোকক বিভিন্ন অত্যাচাৰ আৰু প্ৰাণে মৰাৰ পৰিকল্পনাৰ অভিযোগ। অভিযোগ অনুসৰি গৌৰীপুৰ তিনি নং ৱাৰ্ডৰ চৰকবাৰীৰ গায়ত্ৰী ৰায় নামৰ এটা পৰিয়ালৰ লোকক বহু দিনৰে পৰা অইন এটা পৰিয়ালৰ লোকে বিভিন্ন ধৰণে অত্যাচাৰ আৰু প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ।লক্ষ্মী ৰায়,ৰবীণ ৰায়,ৰতন ৰায়ৰ বিৰুদ্ধে এই অভিযোগ ভূক্তভোগীৰ।

জানিব পৰা মতে এই অকলসৰীয়া নিঃসহায় স্বামী নথকা পৰিয়ালৰ ওপৰত ২০২৪ চনৰ অক্টোবৰ মাহৰ ১৮ তাৰিখৰ পৰা বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।ভূক্তভোগী কোৱা মতে এটাই কাৰণ তেওঁলোকক মাৰি পেলাই তেওঁলোকৰ সম্পত্তি খিনি নিজৰ দখলত নিয়াৰ চেষ্টা এই অভিযোগ ভূক্তভোগীৰ।কেতিয়াবা ৰাতিৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ টিনপাত ভাঙি ঘৰৰ পিছফালে দি সোমাই অসহায় পৰিয়ালটোক প্ৰাণে মৰাৰ কাৰণে বলপূৰ্বক ভাৱে ঘৰৰ ভিতৰত সুমোৱাৰ চেষ্টা ডকাইতৰূপি লোককেইজনৰ বিৰুদ্ধে পৰিয়ালৰ লোকৰ। এতিয়া উপায়ন্তৰ হৈ অসহায় পৰিয়ালটো সাংবাদিকৰ সন্মুখত ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক দকাইতৰুপি মানুহ কেইজনৰ বিৰুদ্ধে তদন্ত বিচাৰি উচিত শাস্তিৰ দাবী জনায় ভূক্তভোগী পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande