
চিৰাং, ১৭ ডিচেম্বৰ (হি.স.)। ইউ পি পি এলৰ চৰকাৰৰ দিনৰ কাম , প্ৰমোদ বড়োই উদ্বোধন কৰিব লাগিছিল, কিন্তু কৰা নাই। বুজি নাপাই।
যদি প্ৰমোদ বড়োই সময়মতে উদ্বোধন কৰিলে হৈ এই ৰাস্তাটো বহুখিনি আগবাঢ়িল হৈ ।
চিৰাঙৰ বিজনীৰ বড়োবাজাৰ চাৰিআলিত বুধবাৰে অসম মালা ৩.০ আঁচনিৰ অধীনত বড়োবাজাৰ চাৰিআলিৰ পৰা ভৱানীপুৰলৈ ১২.৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথৰ আধাৰশিলা স্থাপন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে।
মুঠ ৪৩.১৯ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই পথ। অনুষ্ঠানত সুভাইঝাৰ সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগয়াৰী, থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা