পশ্চিম বংগৰ শিলিগুৰিত বিএছএফে জব্দ কৰে ৮ খন চোৰাং সোণৰ বিস্কুট
শিলিগুৰি, ১৬ ডিচেম্বৰ (হি.স.)। পশ্চিম বংগৰ শিলিগুৰিত চোৰাং সোণ জব্দ কৰা হৈছে। গোপন তথ্যৰ‌ ভিত্তিত বাংলাদেশ সীমান্তত অভিযান চলাই ৮ খন সোণৰ বিস্কুট জব্দ কৰে বিএছএফে। বিএছএফৰ নৰ্থ‌ বেংগল ফ্ৰন্টিয়াৰৰ শিলিগুৰি চেক্টৰৰ‌ বেটেলিয়নে জব্দ কৰে সোণৰ বিস্ক
পশ্চিম বংগৰ শিলিগুৰিত বিএছএফে জব্দ কৰে ৮ খন চোৰাং সোণৰ বিস্কুট


শিলিগুৰি, ১৬ ডিচেম্বৰ (হি.স.)। পশ্চিম বংগৰ শিলিগুৰিত চোৰাং সোণ জব্দ কৰা হৈছে। গোপন তথ্যৰ‌ ভিত্তিত বাংলাদেশ সীমান্তত অভিযান চলাই ৮ খন সোণৰ বিস্কুট জব্দ কৰে বিএছএফে।

বিএছএফৰ নৰ্থ‌ বেংগল ফ্ৰন্টিয়াৰৰ শিলিগুৰি চেক্টৰৰ‌ বেটেলিয়নে জব্দ কৰে সোণৰ বিস্কুট কেইখন।‌ জব্দ কৰা সোণৰ বিস্কুট কেইখনৰ ওজন ৯২৮ গ্ৰাম বুলি কোৱা হৈছে। জব্দ কৰা সোণৰ খিনিৰ মুল্য প্ৰায় ১ কোটি ১৯ লাখ ৭১ হাজাৰ টকা বুলি সদৰী কৰিছে বিএছএফে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande