বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা
বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা |
বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ১৬ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত যোৱা কালি সোমবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় | তীব্ৰ বেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে | ইয়াৰ ফলত গুৰুতৰ ভাবে আহত হয় দুই বাইক আৰোহী |

দুৰ্ঘটনাটোত আহত হয় ছানোৱাৰ হুছেইন(২৪) আৰু ৰমজান হুছেইন (২২) নামৰ দুই ভাতৃ | আহত দুয়ো ভাতৃক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে |দুয়োজনৰ অৱস্থা অতি সংকটজনক হোৱাত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় |ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande