
চৰাইদেউ, ১৬ ডিচেম্বৰ (হি.স.) : চৰাইদেউ জিলাৰ মথুৰাপুৰ নুনিফাৰ্মৰ সমীপত যোৱা কালি বিয়লি সংঘটিত হোৱা এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হোৱা এগৰাকী যুৱকে পৰৱৰ্তী সময়ত চিকিৎসালয়ত প্ৰাণত্যাগ কৰা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে ৷
জানিব পৰা মতে, মৃত যুৱক গৰাকী চৰাইদেউ জিলাৰ অভয়পুৰ নিবাসী বদন বৰগোহাঁইৰ পুত্ৰ জিন্টু বৰগোহাঁই (২৪)৷ যুৱক গৰাকীয়ে এ এছ ০১ বি পি ৮৬৮৮ নম্বৰৰ এখন বলেৰ' বাহন সোণাৰি দিশৰ পৰা চলাই আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। অঞ্চলটোত ধোদৰআলি পথ নিৰ্মাণ কৰি থকা এখন ৰোলাৰ সদৃশ বৃহৎ বাহনত বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ৷ ঘটনাটোত গুৰুতৰ ভাৱে আহত হোৱা যুৱক গৰাকীক পাছত সোণাৰিস্থিত চৰাইদেউ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড়তে যুৱকগৰাকীৰ মৃত্যু ঘটে ৷ সৰবৰহী তথা অমায়িক স্বভাৱৰ যুৱকগৰাকী জিলাখনৰ এগৰাকী অগ্ৰণী বিহুৱা আছিল বুলি জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ