বোকাখাতৰ লতাবাৰীত পথ দূৰ্ঘটনা
বোকাখাতৰ লতাবাৰীত পথ দূৰ্ঘটনা।
বোকাখাতৰ লতাবাৰীত পথ দূৰ্ঘটনা


গোলাঘাট, ১৬ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ লতাবাৰীত যোৱা কালি সোমবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয়। বাইক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।

প্ৰাপ্ত তথ্য়মতে, এএছ ০৫ ৱাই ২০৪৫ নম্বৰৰ বেলেন' বাহনৰ সৈতে এএছ ০৫ টি ৬৬০৩ নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষ লাগে। এই ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুজন যুৱক। বছৰজুৰি পৰা বোকাখাত অভিমুখে আহি থকা বেলেন' বাহন খনত মুখামুখিকৈ খুন্দা মাৰে পালছাৰ বাইকে। দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হৈছে বাই চালক বাবুল মুণ্ডা নামৰ বৰভেটাৰ যুৱক জন। আনহাতে বোকাখাতৰ পৰা বছৰজুৰি দিশে খোজকাঢ়ি গৈ থকা অঞ্জীৱ মুণ্ডা নামৰ আন এজন যুৱক আহত হয়। বোকাখাত চৰকাৰী চিকিৎসালয়ত দুয়োকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকট জনক অৱস্থাত বাবুল মুণ্ডাক জেএমচিএইচ লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande