
কোকৰাঝাৰ, ১৬ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰৰ ছালাকাটিৰ অনিৰ্দিষ্টকালীন ৰে'লপথ অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে । কোচ ৰাজবংশী দল সংগঠনসমূহে তেওঁ লোকৰ বিভিন্ন দাবীৰ সমৰ্থনত এই অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে। অৱশ্যে সাতদিনৰ ভিতৰত গৃহ মন্ত্ৰালয়ৰ সতে আলোচনাৰ প্ৰতিশ্ৰুতি পোৱাত অনিৰ্দিষ্টকালীন ৰে'ল অৱৰোধ সাময়িকভাৱে স্থগিত ৰখা হয় বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পুঠীয়াগাঁৱৰ পদ্মবিল লক্ষ্মী মন্দিৰৰ পৰা ৰে'লপথ অৱৰোধৰ প্ৰস্তুতি চলাইছিল কেএছডিচি, আক্ৰাছু, জিচিপিএ আৰু কেপিপিইউকে ধৰি কমতাপুৰী জাতীয় দল সংগঠনসমূহে । কেএলঅ' আৰু কেএলঅ' ( কে এন)ৰ লগত দ্রুতি শান্তি চুক্তিৰ মাধ্যমত পৃথক কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ - ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ, কোচ-ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত মঙলবাৰে কেএছডিচি আক্ৰাছু, ইউজি আক্ৰাছু, কেপিপিইউ, জিচিপিএ আৰু কমতাপুৰী অন্যান্য কোচ-ৰাজবংশী সংগঠনৰ যৌথ উদ্যোগত ছালাকাটিত অনিৰ্দিষ্টকিলীন ৰে'লপথ অৱৰোধ কাৰ্যসূচী হাতত লোৱা হৈছিল ।সাতদিনৰ ভিতৰত গৃহ মন্ত্ৰালয়ৰ সতে আলোচনাৰ প্ৰতিশ্ৰুতি পোৱাত অনিৰ্দিষ্টকালীন ৰে'ল অৱৰোধ সাময়িকভাৱে স্থগিত ৰখা হয় বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰিছে কেএছডিচিৰ কোকৰাঝাৰ জিলা সভাপতি বাণীৰাম বৰ্মনে ।
সাতদিনৰ ভিতৰত আলোচনা অনুষ্ঠিত নহ'লে বা আলোচনা ভেকেভাওনা হ'লে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আন্দোলনকাৰী নেৰ্তৃত্বই ।
উল্লেখ্য যে আন্দোলনকাৰীসকলে পুঠীয়াগাঁও খেল পথাৰতে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ