
ধুবুৰী, ১৬ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি বিয়লি বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক হয় এজন সৰবৰাহকাৰী। আটক হোৱা সৰবৰাহকাৰীজন গৌৰীপুৰ সুভাষ পল্লীৰ সুৰজিৎ সূত্ৰধৰ বুলি পৰিচয় পোৱা গৈছে।
গৌৰীপুৰ মহামায়া পুখুৰীপাৰৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী জনক। সৰবৰাহকাৰীটোৰ পৰা ৯৬০টা কেবছুল আৰু ১৭০টা নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ