
শিৱসাগৰ, ১৬ ডিচেম্বৰ (হি.স.): শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বাবুপট্টিৰ পৰা যোৱা কালি সোমবাৰে নিশা প্ৰায় ৭.৩০ বজাত এএছ ০৪ ইউ ৩১৫১ নম্বৰৰ এখন ছুপাৰ ইছপ্লেনডাৰ মটৰ চাইকেল চুৰি হয়। গেলামাল দোকানত বজাৰ কৰিবলৈ সোমাওঁতেই বাইকখন হৰলুকি হয়
জানিব পৰা মতে মুজাকিৰ আলী নামৰ লোকজন চুপাৰ ইছপ্লেনডাৰ মটৰ চাইকেলখন ৱাছিম আলী নামৰ শিৱসাগৰ কোঁৱৰপুৰৰ এজন যুৱকে নিজৰ কৰ্মৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত শিৱসাগৰ নগৰৰ বাবুপট্টিত এখন গেলামাল দোকানত বজাৰ কৰিবলৈ সোমাওঁতেই তৎক্ষণাত কোনো দুষ্ট চক্ৰই মটৰ চাইকেলখন চুৰ কৰি উধাও হয়। কিছু সময় ৱাছিম আলীয়ে বিচাৰিছিল যদিও পাবলৈ সক্ষম নহ’ল। এই সমগ্ৰ ঘটনাৰ ওপৰত মুজাকিৰ আলীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ