
কোকৰাঝাৰ, ১৬ ডিচেম্বৰ (হি.স.): সম্প্ৰতি শীতৰ আমেজ ল বনভোজ খোৱাৰ বতৰ। ৰাজ্য়ৰ অন্য়ান্য প্ৰান্তৰ দৰেই কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বনভোজথলীত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে বালিমাৰিত বনভোজ থলি যোৱাকালি সোমবাৰে বিয়লি মুকলি কৰে বি টি চিৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী।
ৰং ধেমালিৰে লগে-ভাগে এসাজ খাবৰ বাবে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বালিমাৰি বনভোজথলী কালিৰে পৰা আৰম্ভ হৈছে। গোসাঁইগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰকৃতিৰ পৰিবেশ সুন্দৰ্য্য মাজত বাল্লিমাৰীত বানদাও খোড়ো গাথোন নামৰ বনভোজস্থলী নতুনকৈ মুকলি অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ