
তামুলপুৰ, ১৬ ডিচেম্বৰ (হি.স.): তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ জনতা হাইস্কুলৰ সন্মুখত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। স্কুটি আৰু গ্লেমাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাবে আহত হয় গোৰেশ্বৰ ছিল্কীঝাৰ কেশৱ ডেকাৰ পৰিয়াল ৷ দুই পু্ত্ৰসহ পত্নীৰ সৈতে বাইকত আহিছিল কেশৱ ডেকাৰ পৰিয়ালটো ।
গোৰেশ্বৰৰ পৰা খৈৰাবাৰীৰ দিশে যোৱা স্কুটিয়ে বিপৰীত দিশৰপৰা অহা বাইক আৰোহী পৰিয়ালটোক খুন্দা মাৰে। দুৰ্ঘটনাত পতিত হোৱা স্কুটিখনৰ নম্বৰ এএছ ২৮ ডি ০৩৯৬ আৰু বাইকখনৰ নম্বৰ এএছ ০১ বি ই ৩৩৪৮ বুলি জানিব পৰা গৈছে। সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে কেশৱ ডেকাৰ পৰিয়ালটোৰ আটাইকে সংকটকজনক অৱস্থাত প্ৰেৰণ কৰিছে গুৱাহাটীৰ চিকিৎসালয়লৈ ৷ ইপিনে স্কুটি আৰোহী চন্দন ডেকা (১৮)ক গোৰেশ্বৰৰ পুষ্পাঞ্জলি পলিক্লিনিকত ভৰ্তি কৰিছে ৷ দুৰ্ঘটনাত আহত এজন পুত্ৰ মেঘনীল ডেকা (৪)ৰ চিকিৎসালয়লৈ নিয়া পথত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান কেশৱ কলিতা, পত্নী ভনিমা কুমাৰ কলিতা, পুত্ৰ বৰ্ণিল ডেকাক সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব দিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ