অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক, বিশিষ্ট অনাতাঁৰ শিল্পী দীপাংকৰ ভট্টাচাৰ্য্যৰ পৰলোকপ্ৰাপ্তি
শোণিতপুৰ, ১৬ ডিচেম্বৰ (হি.স.)। কলকতাত থকা অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটিল এসময়ৰ তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কন্ঠশিল্পী, অনাতাঁৰ শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেন্সন প্ৰাপক দীপাংকৰ ভট্টাচাৰ্য্যৰ । জনপ্ৰিয় নেপথ্য গায়ক দীপাংকৰ ভট্টাচাৰ্য্যৰ কলিকতাৰ
অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ,বিশিষ্ট অনাতাঁৰ শিল্পী দীপাংকৰ ভট্টাচাৰ্য্যৰ পৰলোকপ্ৰাপ্তি  শোকাচ্ছন্ন তেজপুৰৰ সংগীত ক্ষেত্ৰ


শোণিতপুৰ, ১৬ ডিচেম্বৰ (হি.স.)। কলকতাত থকা অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটিল এসময়ৰ তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কন্ঠশিল্পী, অনাতাঁৰ শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেন্সন প্ৰাপক দীপাংকৰ ভট্টাচাৰ্য্যৰ । জনপ্ৰিয় নেপথ্য গায়ক দীপাংকৰ ভট্টাচাৰ্য্যৰ কলিকতাৰ নিজা বাসভবনত পৰলোকপ্ৰাপ্তি ঘটাৰ বতৰা পলমকৈ লাভ কৰাৰ পিছত তেজপুৰৰ সংগীত ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে ।

এসময়ৰ কলিকতা বিশ্ববিদ্যালয় ছাত্র, প্রখ্যাত সঙ্গীত শিল্পী শ্যামল মিত্ৰৰ শিষ্য প্রয়াত ভট্টাচার্যই অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত শাস্ত্রীয় সংগীত, গজল, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আদি পৰিবেশন কৰি সঙ্গীত জগতত যথেষ্ট সুনাম কঢ়িয়াই আনিবলে সক্ষম হৈছিল। কিছু বছৰৰ পৰা তেজপুৰ ত্যাগ কৰি কলিকতাত বসবাস কৰিবলৈ লোৱা তেজপুৰৰ জোঁৱাই ভট্টাচার্যৰ বিয়োগত তেখেতৰ শুভাকাংক্ষী, অনুৰাগী, বন্ধুবান্ধৱ পৰিয়াল বর্গ, আত্মীয় স্বজনৰ মাজত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে এক মাত্র কন্ঠশিল্পী কন্যা পিংকি ভট্টাচার্য্য, জোঁৱাই সমীৰ বেনার্জী সহ দুটি নাতি এৰি থৈ গৈছে।

এসময়ৰ জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ পৰলোকপ্ৰাপ্তিত বিশিষ্ট গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰৰ বিধায়ক তথা কন্ঠশিল্পী পৃথ্বিৰাজ ৰাভা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, সংগীত শিল্পী প্ৰাঞ্জল বৰুৱা ,সীমান্ত কাকতি, কন্ঠশিল্পী কামাল ৰচিদ আহমেদ, বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ লগতে তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ শিল্পী সুদীপ্ত দাস, দীগন্ত চক্ৰবৰ্তী আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande