বজালীৰ কুৰোবাহাত আটক ড্ৰাগছ সৰবৰাহকাৰী
বজালীৰ কুৰোবাহাত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী ।
বজালীৰ কুৰোবাহাত আটক ড্ৰাগছ সৰবৰাহকাৰী


বৰপেটা, ১৬ ডিচেম্বৰ (হি.স.): বজালী আৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা।বজালীৰ কুৰোবাহাত আটক হয় এজন ড্ৰাগছ সৰবৰাহকাৰী ।

বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ আটক হয় সৰবৰাহকাৰীজন । ড্ৰাগছ সৰবৰাহকাৰী জন বজালীৰ ভাৰে গাঁৱৰ ইশ্বাহক আলী বুলি পৰিচয় পোৱা গৈছে। গোপন সূত্ৰৰ খবৰ অনুসৰি পাঠশালা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীজনক ।

জানিব পৰা মতে এএছ ১৫ দে ৭৬৬৬ নম্বৰৰ এখন মটৰ চাইকেলেৰে আহি আছিল সৰবৰাহকাৰী জন । নলবাৰী, বজালী বৰপেটাকে ধৰি ভূটানতো দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ঈশ্বাহক আলী নামৰ যুৱকজনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande